Skip to content
BibleKenya

Indian Revised Version (IRV) Assamese - 2019

হোচ 14

যিহোৱালৈ মন-পালটন

হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ,

তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।

মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা,

“আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক;

যাতে আমি আমাৰ ওঁঠে1ৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।

অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব;

ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম।

আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”

যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব

যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম,

মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম;

কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।

মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম;

তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব,

লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।

তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব;

জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব;

তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।

তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব2;

তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব,

আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব;

লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।

ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’

মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম।

মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা;

তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”

জ্ঞানৱানজনে এইবোৰ কথা বুজে;

বিবেচকজনে এইবোৰ কথা জানে;

কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু

ধাৰ্মিকজনে সেই পথত গমন কৰে,

কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

Source notes (2)
  1. Footnote ষাঁৰ গৰু
  2. Footnote তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব

Indian Revised Version (IRV) Assamese - 2019. Copyright © Bridge Connectivity Solutions Pvt. Ltd. Licensed under CC BY-SA 4.0. Source: Open.Bible. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-11-09.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.