Skip to content
BibleKenya

Indian Revised Version (IRV) Assamese - 2019

হোচ 13

ইস্রায়েলৰ বিৰুদ্ধে যিহোৱাৰ ন্যায় বিচাৰ

ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল।

কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।

এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে;

তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে;

এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য;

এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।

সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব,

সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা,

মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা,

খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।

তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;

মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই;

মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই।

মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ।

যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা,

তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল,

এই নিমিত্তে তমালোকে মোক পাহৰিলা।

সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম;

নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।

পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম;

সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম;

বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।

হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰী1ৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,

এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব?

এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা,

“মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”

সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ

আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।

ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল;

তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।

নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব।

কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ;

জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।

চিয়োলৰ2 শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে?

মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে?

হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত?

হে চিয়োল, তোমাৰ সংহাৰ ক’ত?

মোৰ চকুৰ পৰা মমতা লুকাই আছে।

ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও,

যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব,

মৰুভূমিৰ পৰা বৈ আহিব;

ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব;

শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।

চমৰিয়া দোষী হ’ব;

কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;

তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব,

তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব,

তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।

Source notes (2)
  1. Footnote তোমাৰ সহায়কাৰী মোৰ লগত আছে।
  2. Footnote চিয়োলৰ মৈদাম

Indian Revised Version (IRV) Assamese - 2019. Copyright © Bridge Connectivity Solutions Pvt. Ltd. Licensed under CC BY-SA 4.0. Source: Open.Bible. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-11-09.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.