Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 65

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।

হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;

তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।

হে প্ৰাৰ্থনা শুনোতা জনা,

তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।

আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;

তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।

ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা;

তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব,

আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।

তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;

ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;

পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;

সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।

এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে;

শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।

সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে,

আৰু তাৰ ঢৌৰ গর্জন,

লোক সকলৰ কোলাহল শান্ত কৰে;

পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;

সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।

তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা;

তুমি তাক বহু ফলৱান কৰিলা;

ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;

তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।

তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;

তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;

তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;

তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।

তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা;

আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।

অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;

আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।

চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে;

উপত্যকাবোৰ শস্যৰে ঢকা হৈছে;

সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.