Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 64

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত।

হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা;

শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।

দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা;

দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।

তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে;

তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।

নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে;

তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।

সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে;

গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে;

সিহঁতে কয়, “এই আমাক1 কোনে দেখিব?”

তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে;

তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।”

প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।

কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব;

অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।

তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল।

যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব;

তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।

তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব;

ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব,

তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।

ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব;

ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।

Source notes (1)
  1. Footnote বস্তুবোৰ

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.