Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 63

যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত।

হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;

আন্তৰিকতাৰে মই তোমাক বিচাৰিম;

পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,

মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ,

পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।

কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম;

মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম,

তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব;

আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।

মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো;

নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

কিয়নো তুমি মোৰ সহায়কর্তা;

তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।

মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে;

তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে,

তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।

তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব;

আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।

কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব;

তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,

কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.