ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 16:11
Verse 11 is marked below, with the whole chapter around it. Read from the start
মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;
তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;
তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
যিসকলে আন দেৱতাক মনোনীত কৰে,
তেওঁলোকৰ অধিক যাতনা হ’ব,
তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;
দেৱতাৰ নামো মোৰ ওঁঠত নলম।
যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;
মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,
অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;
ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;
তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,
মোৰ হৃদয়ে উল্লাস কৰে;
মোৰ শৰীৰ নিৰাপদে থাকিব।
কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,
তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।
তুমি মোক জীৱনৰ পথ শিকাইছা;
তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;
তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.