ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 15
দায়ুদৰ ৰচিত গীত।
হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন?
তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়,
ন্যায় কৰ্ম কৰে,
সত্য ভৰা অন্তৰেৰে কথা কয়;
যিসকলৰ জিভাই পৰচর্চ্চা নকৰে,
বন্ধুৰ ক্ষতি নকৰে,
চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়,
কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়,
যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে,
আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে।
যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.