ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 12
প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;
বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
মানুহে মানুহৰ ওচৰত মিছা কথা কয়;
তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;
আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,
কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে
মই এতিয়া জাগি উঠিম।
নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।
সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;
সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
হে যিহোৱা, তুমিয়েই আমাক1 নিৰাপদে ৰাখিবা।
এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক2 ৰক্ষা কৰিবা।
লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,
দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।
Source notes (2)
- Footnote তেওঁলোকক
- Footnote তেওঁলোকক
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.