Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 13

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

হে যিহোৱা, আৰু কিমান কাল?

তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?

মোৰ পৰা কিমান দিনলৈ

তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?

কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?

কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?

হে মোৰ ঈশ্বৰ যিহোৱা,

মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!

মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।

মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;”

মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।

কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;

তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।

মই যিহোৱাৰ উদেশ্যে গান গাম,

কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.