Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 112

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।

তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;

ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।

তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।

ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;

তেওঁলোক1 কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।

যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;

তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব;

ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।

দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;

তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;

তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।

তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;

শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।

তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে;

তেওঁলোকৰ শিং2 মৰ্য্যদাৰে উন্নত হয়।

দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;

দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

Source notes (2)
  1. Footnote যিহোৱা
  2. Footnote তেওঁ মহান আৰু শক্তিশালী

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.