Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 110

দায়ুদৰ ৰচিত গীত।

যিহোৱাই মোৰ প্ৰভুক ক’লে,

“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,

তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”

যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,

তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”

যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,

পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;

ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।

“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”

যিহোৱাই এই শপত খালে;

তেওঁ নিজৰ মন সলনি নকৰিব।1

যিহোৱা তোমাৰ সোঁহাতে আছে;

ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।

তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,

তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;

তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।

তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;

তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।

Source notes (1)
  1. Footnote চাওক ইব্ৰী 5:6, 6:20, 7:17,21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.