ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
পৰম 7
প্রিয়ৰ কথা:
হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন
দেখাত কিমান যে ধুনীয়া!
তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে,
সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা;
তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়।
তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা,
যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
তোমাৰ স্তন দুটা যেন
হৰিণীৰ দুটি পোৱালি,
এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা
তোমাৰ ডিঙিৰ গঠণ;
তোমাৰ নয়ন দুটি, হিচবোনত
বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা;
তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ
যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
তোমাৰ ওপৰত থকা মূৰটো
কৰ্মিল পাহাৰৰ নিচিনা, আৰু
তোমাৰ মূৰৰ চুলিকোছা
ঘন বেঙেনা বৰণীয়া;
সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা,
বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।”
তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক,
তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
তোমাৰ মূখৰ চুমা মোৰ বাবে
সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা1।
সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
প্রিয়াৰ কথা:
মই মোৰ প্ৰিয়ৰ,
আৰু তেওঁৰ বাঞ্ছা মোলৈ;
হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ,
আৰু ৰাতি গাৱঁ2বোৰত গৈ থাকোঁগৈ।
ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ;
দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই,
তাৰ ফুল ফুলিছে নে নাই,
আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ;
তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
দুদা 3ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে;
ন-পুৰণি সকলো ধৰণৰ ফল
আমি থকা ঠাইৰ দুৱাৰতে আছে।
হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
Source notes (3)
- Footnote তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক।
- Footnote উত্তম বনৰীয়া ফুলত
- Footnote ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.