Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 97

যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;

দ্বীপ সমূহেও আনন্দ কৰক।

তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;

ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল1।

অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;

চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।

তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল;

তাকে দেখি পৃথিৱী কম্পমান হ’ল।

পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,

সমুদায় পৃথিৱীৰ সন্মুখত।

আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে,

সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।

লজ্জিত হওঁক সেইসকল,

যিসকলে মূৰ্ত্তি পূজা কৰে;

যিসকলে অসাৰ প্রতিমাত গর্ব কৰে;

যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।

হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,

যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।

হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা;

সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।

যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে2;

তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,

দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;

সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।

হে ধাৰ্মিক লোকসকল,

যিহোৱাত আনন্দ কৰা,

তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

Source notes (2)
  1. Footnote ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁ শাসন কৰিব
  2. Footnote হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.