ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 98
এটি গীত।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;
কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;
তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে
আমাক জয়ী কৰিলে।
যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে;
তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে;
পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;
উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,
বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;
জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
নদীবোৰে হাত-তালি দিয়ক;
পর্বতবোৰে একেলগে আনন্দ গান কৰক,
যিহোৱাৰ সন্মুখতে তেনে কৰক;
কিয়নো তেওঁ আহি আছে;
পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।
তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;
নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.