Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 96

তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা;

হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।

যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা;

দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।

বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা,

সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।

কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য;

তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।

কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র,

কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।

মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে;

পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।

হে জাতিবোৰৰ ফৈদ সমূহ,

তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,

যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।

তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা,

নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।

যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা;

হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।

বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা,

“যিহোৱা ৰজা।

জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব।

তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”

আকাশমণ্ডলে আনন্দ কৰক,

পৃথিৱীয়ে উল্লাস কৰক;

সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।

পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক;

তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।

যিহোৱাৰ সন্মুখতে গান কৰিব;

কিয়নো তেওঁ আহি আছে;

তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।

তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;

নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.