Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 67

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত।

হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা,

তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।

গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;

সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।

হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;

সকলো লোকে তোমাৰ প্ৰশংসা কৰক।

জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;

এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা,

পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]

হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,

সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।

পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে;

ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।

ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,

আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.