Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 54

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত।

হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;

তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ মুখৰ কথালৈ কাণ দিয়া।

কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,

হৃদয়হীন1 লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;

তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা;

ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে2।

তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;

তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;

হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;

মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

Source notes (2)
  1. Footnote বিদেশী
  2. Footnote সেই ঈশ্বৰ, যিসকলক তেওঁ সাবতি ধৰে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.