Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 53

প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।

নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।”

তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে;

তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।

ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে,

তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই;

ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।

তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল;

সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।

“যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি?

তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে1।

তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।

আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল;

ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে2।

সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে3।

ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক!

যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব,

তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

Source notes (3)
  1. Footnote লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়
  2. Footnote কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব।
  3. Footnote ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.