ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 52
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত।
হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা?
ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে1।
তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা;
হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা,
সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।
হে ছলনাকাৰী জিভা,
যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব;
তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব;
জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব;
তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে,
কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে,
দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে2।”
কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা;
মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম;
তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল3।
Source notes (3)
- Footnote হে বীৰ, তুমি ধাৰ্মিকলোকৰ বিৰুদ্ধে কৰা কৰ্মৰ বাবে কিয় গৰ্ব্ব কৰিছা?
- Footnote তেওঁ নিজৰ দুষ্টকৰ্মত অধিক সম্পত্তি যুগুতালে।
- Footnote চীৰকাল মই তোমাক প্ৰসংশা কৰো, হে ঈশ্বৰ; তুমি যি কৰিলা। মই তোমাৰ নামত ভাৰসা কৰো আৰু তোমাক মই তোমাৰ ভক্তসকলৰ সন্মূখত তোমাৰ প্ৰসংশা কৰো।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.