ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 50
আচফৰ ৰচিত গীত।
পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে,
সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা,
ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব;
তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব,
তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে,
তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা,
যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে;
কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
হে মোৰ লোকসকল, শুনা, মই কথা ক’ম;
হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম;
মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই;
তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ;
তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
কিয়নো সকলো বনৰীয়া জন্তু মোৰেই,
অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো1;
পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
“মোৰ ভোক লাগিলেও মই তোমাক নক’ম;
কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
ভতৰাৰ মাংস মই ভোজন কৰিম নে?
মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা;
সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা;
মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে,
“মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা;
মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা;
তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা,
তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক;
একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ;
তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন।
কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা;
নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম;
তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে;
যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
Source notes (1)
- Footnote আকাশৰ সকলো পক্ষীক মই জানো
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.