ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 43
হে ঈশ্বৰ, মোৰ বিচাৰ কৰা;
ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা;
ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা?
মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?
তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক;
সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ
আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।
তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম,
মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম;
হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।
হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?
কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?
ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।
তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.