Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 28

দায়ুদৰ ৰচিত গীত

হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ;

হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা।

কাৰণ, তুমি যদি মনে মনে থাকা,

তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।

সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ,

তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো,

তেতিয়া তুমি মোৰ নিবেদন শুনা।

যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে,

যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়,

অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে,

সেইসকলৰ লগত তুমি মোক টানি নিনিবা।

তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে,

তুমি তেওঁলোকক প্ৰতিফল দিয়া;

তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া।

তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।

কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে;

সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব,

আৰু পুনৰায় গঢ় নিদিব।

সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।

যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;

মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।

সেইবাবেই মই সহায় পাইছোঁ।

সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;

মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

যিহোৱা তেওঁৰ লোকসকলৰ বল;

তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।

হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা,

তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা;

তুমি তেওঁলোকৰ ৰখীয়া হোৱা

আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.