ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 29
দায়ুদৰ ৰচিত গীত
হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;
পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়;
গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে,
যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ;
যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে;
যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়;
চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে;
কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে,
ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে,
কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল,
যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক!
যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.