ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 27
দায়ুদৰ ৰচিত গীত
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
মই কাক ভয় কৰিম?
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
মই কাৰ বাবে ত্ৰাসযুক্ত হম?
দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,
তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,
মোৰ হৃদয়ে ভয় নকৰিব;
মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,
তেতিয়াও মই সাহসেৰে থাকিম।
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,
মই তাকেই অন্বেষণ কৰিম:
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,
নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;
তেওঁ মোক শিলৰ ওপৰত তুলি থব।
যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,
তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;
মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।
মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
হে যিহোৱা, মই মাতিলে, তুমি শুনা।
মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
মোৰ হৃদয়ে1 তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।”
হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;
ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।
তুমিয়েই মোৰ সহায় হৈ আহিছা;
হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
হে যিহোৱা,
মোৰ শত্রুবোৰৰ কাৰণে,
তুমি মোক তোমাৰ পথ শিকোৱা;
তুমি মোক সমান পথত চলোৱা।
মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;
কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;
তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
মই বিশ্বাস কৰোঁ যে,
জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম2!
তুমি যিহোৱালৈ অপেক্ষা কৰা;
সবল হোৱা;
তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক;
পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
Source notes (2)
- Footnote মোৰ হৃদয়ে তুমি কোৱা
- Footnote যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.