Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 24

দায়ুদৰ ৰচিত গীত:

পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ,

জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।

কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে,

পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।

যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?

তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয়1 হ’ব পাৰে?

কেৱল সেই জনেই পাৰে,

যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল;

যিজনে মিছা কথালৈ নিজৰ মন নেমেলে,

আৰু ছল কৰি মিছা শপত নাখায়।

তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;

তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।

এই লোকসকলেই যিহোৱাক বিচাৰে,

যাকোবৰ2 ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে3;

তেওঁলোকেই যাকোবৰ বংশ। (চেলা)

হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,

হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,

প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

সেই প্ৰতাপী ৰজা কোন?

তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান,

তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।

হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,

হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,

প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

সেই প্ৰতাপী ৰজা কোন?

তেওঁ বাহিনীসকলৰ যিহোৱা,

তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

Source notes (3)
  1. Footnote কোনে প্রৱেশ কৰিব পাৰে?
  2. Footnote যাকোবৰ ইস্রায়েলৰ
  3. Footnote ‘অহ! যকোবৰ ঈশ্বৰ’, তেওঁলোকে এইদৰে তোমাৰ মূখ চাব বিচাৰিব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.