Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 19

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে;

আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।

দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে;

ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।

কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই;

তাৰ শব্দও শুনা নাযায়।

তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়;

সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়;

আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।

সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে;

নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।

সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ;

তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে

যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে;

যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।

যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে;

যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।

যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী;

যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।

সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়;

সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।

তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে;

সেইবোৰ পালন কৰিলে পৰম লাভ হয়।

কোনে নিজৰ ভুলবোৰ গমিব পাৰে?

মোক গুপুত পাপৰ পৰা শুচি কৰা।

গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা;

সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে;

তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।

হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা,

মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.