ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 20
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক,
যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;
তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক;
তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।
তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম;
আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম;
যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
এতিয়া মই জানো,
যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব,
তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে,
তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
অনেকে তেওঁলোকৰ ৰথত,
অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;
কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
তেওঁলোক পৰিব আৰু পতন হ’ব।
কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা;
আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.