Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 125

যাত্ৰাৰ সঙ্গীত।

যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,

তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।

যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,

তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;

এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।

ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে,

সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।

হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;

যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।

কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,

যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।

ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.