ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 104
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান;
তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা,
আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা;
মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা,
বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
তুমি বতাহক তোমাৰ দূত1 কৰিছা;
অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা2।
তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা;
সেয়ে কেতিয়াও লৰচৰ নহ’ব।
তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা।
সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল;
তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল;
তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা,
যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া;
সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়;
বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়,
গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
তেওঁ আকাশৰ পৰা3 পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে;
তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া,
যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস,
মুখ উজ্জ্বল কৰা তেল,
আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;
তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস;
শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা;
তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
তুমি অন্ধকাৰ কৰিলে ৰাতি হয়;
অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে;
ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়;
সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী!
তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা;
সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ;
তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
তাৰ মাজত জাহাজবোৰ চলে;
তাত লিবিয়াথনো4 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে;
যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়;
তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়;
তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়,
আৰু তুমি ভূমিতল নতুন কৰি তোলা।
যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক;
যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়:
তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;
মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;
মই যিহোৱাত আনন্দ কৰিম।
পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক;
দুষ্টলোক আৰু নাথাকক।
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Source notes (4)
- Footnote নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে।
- Footnote বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা।
- Footnote নিজৰ ওপৰ কোঁঠালিৰ পৰা
- Footnote চাওক গীত 74:14
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.