ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
মথি 10
যীচুৱে প্রচাৰৰ বাবে পাঁচনি সকলক পঠোৱা
যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে। সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন, ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়, জাতীয়তাবাদী1 চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা। কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা। বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’ অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা। তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা। বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা। যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা। সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক। যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
শিষ্য সকললৈ যীচুৰ সতর্ক বাণী
শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ 2 নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা। সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব। মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা। লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব। কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে34 তোমালোকৰ ভিতৰৰ পৰা কব।5 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়। শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব। মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা। যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া। এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম; কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ; নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব। যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে। এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
Source notes (5)
- Footnote জাতীয়তাবাদী- ৰোমান শাসনৰ পৰা ইহুদী সকলক মুক্ত কৰিবলৈ বিচৰা এক দল।
- Footnote মেৰ-ছাগ বা ভেড়া পোৱালিৰূপে প্ৰভুৱে নিজৰ শিষ্য সকলক কৈছে৷
- Footnote যো. 15:26
- Footnote পিতৃৰ আত্মা - পবিত্র আত্মা, ঈশ্বৰক বুজাইছে।
- Footnote লূক 12:12, পাঁ. 4:8, 6:10,
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.