মথি
Matthew
Introduction from this edition
মথিয়ে লিখা শুভবাৰ্তা
গ্রন্থ ৰচয়িতা
মথি আছিল এই পুস্তকৰ ৰচক। তেওঁ এজন কৰ সংগ্রহক আছিল, পাছত তেওঁ যীচু খ্রীষ্টক অনুসৰণ কৰাৰ কাৰণে এই কাম এৰি দিছিল (9:9,13)। মার্ক আৰু লুকে তেওঁলোকৰ পুস্তকত তেওঁক লেবী হিচাপে উল্লেখ কৰিছে। তেওঁৰ নামৰ অর্থ হ’ল প্রভুৰ উপহাৰ। প্রথম মণ্ডলীৰ পূর্বপুৰুষসকল সর্বসন্মতিক্রমে সন্মত হয় যে, 12 জন পাঁচনিৰ মাজত মথি এজন আছিল, তেঁৱেই এই পুস্তকৰ লিখক। মথি আছিল যীচুৰ পৰিচর্যাৰ এজন প্রত্যক্ষ্যদর্শী অন্যান্য শুভবার্তা পুস্তকৰ সৈতে মথিয়ে লিখা শুভবার্তাৰ তুলনামুলক গবেষনা কৰিলে প্রমাণ হয় যে, পাঁচনিসকলৰ সম্বন্ধীয় সাক্ষ্য ভাগ কৰিব পৰা নাযায়।
লিখাৰ স্থান আৰু সময়
আনুমানিক সময় প্রায় 50-70 খ্রীষ্টাব্দ।
মথি শুভবার্তাৰ যিহুদীয় প্রকৃতি বিবেচনা কৰিলে ইয়াক পেলেষ্টাইন বা চিৰিয়াত লিখা বুলি ক’ব পাৰি, তথাপিও কিছুমানে ইয়াক আন্তখিয়াত লিখা বুলি কয়।
প্রাপক
তেওঁৰ শুভবার্তা পুস্তকখন গ্রীক ভাষাত লিখা আছিল, মথিয়ে হয়তো এনে পাঠকৰ প্রতি আকর্ষিত হৈছিল, যিসকল গ্রীকভাষী ইহুদী সম্প্রদায়ৰ পৰা আহিছিল। বহু উপাদানে ইহুদী পাঠকসকলক নির্দেশ কৰে: মথি পুৰণি নিয়মৰ সিদ্ধতাৰ সৈতে সচেতন আছিল; তেওঁৰ যীচুৰ বংশাৱলী ৰচনা অব্রাহামৰ পৰা আছিল (1:1, 17); তেওঁ ইহুদী পৰিভাষা ব্যৱহাৰ কৰিছিল স্বর্গৰাজ্য, য’ত স্বর্গ প্রকাশ হয়, সেই ঠাইত ইহুদীসকলে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰে; আৰু তেওঁ যীচুক দায়ুদৰ পুত্র হিচাপে গুৰুত্ব দিছিল (1:1; 9:27; 12:23; 15:22; 20:30, 31; 21:9, 15; 22:41,45)। কোৱা হয় যে মথিয়ে ইহুদী সম্প্রদায়ৰ প্রতি অতি বেছি মনোযোগ দিছে।
উদ্দেশ্য
যেতিয়া এই শুভবার্তা লিখা হৈছিল, সেই সময়ত মথিৰ অভিপ্ৰায় আছিল ইহুদী পাঠকৰ প্রতি যীচু খ্রীষ্টক নিশ্চিত কৰি জনোৱা। ইয়াত মূল লক্ষ্য হ’ল মানৱজাতিৰ ওচৰত ঈশ্বৰৰ ৰাজ্য লৈ অহা। তেওঁ যীচুক ৰজা হিচাপে প্রক্ষেপ কৰিছিল, যিজনে পুৰণি নিয়মত উল্লেখিত ভাববাণী আৰু প্রত্যাশাবোৰ সিদ্ধ কৰিবলৈ আহিছিল (মথি 1:1; 16:16; 20:28)।
মূল বিষয়
যীচু - ইহুদীসকলৰ ৰজা।
প্রান্তৰেখা
1. যীচুৰ জন্ম — 1:1-2:23
2. গালীলত কৰা যীচুৰ পৰিচর্যা — 3:1-18:35
3. যিহূদীয়াত কৰা যীচুৰ পৰিচর্যা — 19:1-20:34
4. যীহূদীয়াত থকা শেষৰ দিনবোৰ — 21:1-27:66
5. উপসংহাৰ — 28:1-20
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.