Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মথি 20

বনুৱা সকলৰ দৃষ্টান্ত

“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল। তেওঁ এক এক1 দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে। প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে, ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।

আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে। পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা? সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’ পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’ পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈ2 পালে। তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক3 দীনাৰহে পালে। সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে, “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।” তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা? তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷ যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে? এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”

নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা

তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে, “চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব; তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”

চিবদিয়ৰ দুজন পুত্ৰৰ মাকৰ নিবেদন

তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে। তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”

যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’। তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।” এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।

তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়। তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷ যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক, মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”

দুজন অন্ধক চকু দিয়া

পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল। তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”। কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।

তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?” সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।” তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।

Source notes (3)
  1. Footnote এক দীনা - এদিনৰ মজুৰী
  2. Footnote দীনাৰ বা এক দিনৰ মজুৰী
  3. Footnote এদিনৰ মজুৰী

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.