Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মাৰ্ক 12

কেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্ত

পাছত1 যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল। পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।

পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে। পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।

পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ ক’লে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’

কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।

তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। 2 এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব।3

এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে?

‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে,

সেয়ে চুকৰ প্ৰধান শিল হ’ল’;

এয়ে প্ৰভুৰ পৰা হ’ল

আৰু আমাৰ দৃষ্টিত আচৰিত;” 4

তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।

চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন

পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?” কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি5 আনক, মই চাওঁ৷”

তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক;6 আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন

পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে, “হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷’

সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল। তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল। সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল। এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”

যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে? কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”

“কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, 7 ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে? তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।”

প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন

তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?” যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন, আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।8 দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”

তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই; আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”9 তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।

দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন

পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমিধান দি সেই লোক সকলক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে? কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল,

‘প্ৰভুৱে মোৰ প্ৰভুক ক’লে,

মোৰ সোঁ হাতে বহি থাকা, 10

যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’

দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।

অধ্যাপক সকলৰ দোষ দেখুৱাই দিয়া

তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই, এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”

দৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়া

পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে। পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।

তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে।11 কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”

Source notes (11)
  1. Footnote মথি 21:33-46; লূক 20:9-18৷
  2. Footnote পাঁ 3:15; ইব্ৰী 13:12৷
  3. Footnote হিতো 1:24-31; যিচ 5:5-7৷
  4. Footnote গীত 118:22, 23৷
  5. Footnote আধলি দীনাৰ
  6. Footnote ৰো 13:7; 1 পি 2:17৷
  7. Footnote যা 3:1-6৷
  8. Footnote দ্ৱি বি 6:4, 5; লে 9:18৷
  9. Footnote 1 চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷
  10. Footnote গীত 110:1৷
  11. Footnote লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.