মাৰ্ক
Mark
Introduction from this edition
মাৰ্কে লিখা শুভবাৰ্তা
গ্রন্থ ৰচয়িতা
প্রথম মণ্ডলীৰ নেতাসকলে সর্বসন্মতিক্রমে সন্মত যে এই তথ্যভিত্তিক লেখাটো জন মার্কৰ দ্বাৰা লেখা হৈছে। নতুন নিয়মত জন মাৰ্কৰ বিষয়ে দহ বাৰ উল্লেখ আছে পাঁচনিৰ কর্ম 12:12, 25; 13:5, 13; 15:37, 39; কলচীয়া 4:10; 2 তীমথিয় 4:11; ফিলীমন 24; 1 পিতৰ 5:13। এই তথ্যসমূহে নির্দেশ কৰে যে, মার্ক বার্ণাবাৰ ভতিজা আছিল (কলচীয়া. 4:10)। মার্কৰ মাতৃৰ নাম আছিল মৰিয়ম, তেওঁ আছিল এজনী যিৰূচালেমত থকা ধনী আৰু সভ্রান্ত মহিলা আৰু প্রথম খ্রীষ্টিয়ানসকলৰ বাবে তেওঁৰ গৃহ আছিল একোখন সভাৰ স্থান (পাঁচনিৰ কর্ম 12:12)। জন মার্ক পৌল আৰু বার্ণাবাৰ প্রথম মিছনাৰী যাত্রাৰ সংগী আছিল (পাঁচনিৰ কর্ম 12:25; 13:5)। বাইবেলৰ প্রমাণ আৰু আদি মণ্ডলীৰ পিতৃসকলে পিতৰ আৰু মার্কৰ মাজত এক ঘনিষ্ঠ সংযোগ থকা বুলি প্রদর্শন কৰে। (1 পিতৰ 5:13)। ইয়াৰ উপৰিও তেওঁ আছিল পিতৰ দোভাষী আৰু সকলো সম্ভাবনা আছে যে, পিতৰৰ প্রচাৰ আৰু চাক্ষুস সাক্ষ্যই মার্কৰ শুভবার্তাৰ প্রাথমিক উৎস হ’ব পাৰে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 50-60 খ্রীষ্টাব্দ।
মণ্ডলীৰ নেতাসকলৰ দ্বাৰা লিখা বিভিন্ন লিখনীয়ে (ইৰনেউচ, আলেকজেণ্ড্রিয়াৰ ক্লিমেণ্ট আৰু অন্যান্যসকল) নিশ্চিত কৰি কয় যে, মার্কে লিখা এই শুভবার্তা ৰোমৰ পৰা লিখা হৈছে। আদি মণ্ডলীৰ সূত্রসমূহে জনায় যে, এই শুভবার্তা পিতৰৰ মৃত্যুৰ পাছত লিখা হয় (67-68 খ্রীষ্টাব্দ)।
প্রাপক
এই তথ্যসন্মত নথি সমূহে প্রমাণ কৰে যে, মার্কে সাধাৰনতে অনা-যিহূদী লোকসকলৰ বাবে এই শুভবার্তাটো লিখিছিল আৰু বিশেষকৈ ৰোমীয় শ্রোতাসকলৰ বাবে এই লেখাটো লিখিছিল। এই কাৰণতে হয়তো যীচু খ্রীষ্টৰ বংশতালিকা ইয়াত অন্তর্ভুক্ত কৰা হোৱা নাই, কিয়নো অনা-যিহূদী জগতে এই সম্পর্কে অতি কমকৈ বুজি পায়।
উদ্দেশ্য
মার্কৰ পাঠকসকলৰ মাজৰ যি গৰিষ্ঠসকল ৰোমান খ্রীষ্টিয়ান আছিল, তেওঁলোকে 67-68 খ্রীষ্টাব্দৰ ভিতৰত অতি নিষ্ঠুৰ নির্যাতনৰ মাজত নিজকে বিচাৰি পাইছিল, সম্রাট নিৰোৰ অধীনত অত্যাচাৰ কৰা হৈছিল আৰু বিভিন্ন জনক হত্যা কৰা হৈছিল। এনে ধৰণৰ এক দৃশ্যকল্পৰ পৰা মার্কে এই শুভবার্তা লিখিছিল, য’ত খ্রীষ্টিয়ানসকলে এনে এক কঠিন সময়ৰ মাজেৰে গৈ আছিল, এনেদৰে পীড়িত দাস যীচু অংকিত হৈছিল (যিচয়া 53)।
মূল বিষয়
যীচু- পীড়িত দাস।
প্রান্তৰেখা
1. পৰিচর্যাৰ বাবে যীচুৰ প্রস্তুতি — মৰুপ্রান্তত থকা — 1:1-13
2. গালীল আৰু ইয়াৰ আশে-পাশে যীচুৰ পৰিচর্যা — 1:14-8:30
3. যীচুৰ মিছন: যাতনা আৰু মৃত্যু — 8:31-10:52
4. যিৰুচালেমত যীচুৰ পৰিচর্যা — 11:1-13:37
5. ক্রুচবিদ্ধ হোৱাৰ বাখ্যা — 14:1-15:47
6. যীচুৰ পুনৰুত্থান আৰু সাক্ষাৎ — 16:1-20
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.