ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
ইয়ো 39
তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা?
হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে?
বা সিহঁতে জগোৱা সময় তুমি জানা নে?
সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়,
আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়;
সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে?
কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ,
আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে;
চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে;
সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে?
তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে?
সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে?
তোমাৰ কাম তাক গটাই দিবা নে?
সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি,
তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
উট চৰাইৰ ডেউকাই উল্লাস কৰে,
কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়,
আৰু ধুলিত উম পাবলৈ দিয়ে।
কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি,
বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে,
আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে,
আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে,
তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
ঘোঁৰাক জানো তুমি বল দিলা?
লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা?
তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে,
সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
সি ভয়ক হাঁহে, আৰু আতংকিত নহয়;
সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে;
চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে;
শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে;
সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়,
সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে,
আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে,
আৰু অতি ওখ ঠাইত বাহ সাজে?
সি শিলত বাস কৰে, তাতেই তাৰ বাহ;
সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
সেই ঠাইৰে পৰা সি আহাৰ মনে;
তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
তাৰ পোৱালিবোৰে তেজ পিয়ে;
য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.