Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহি 34

ইস্ৰায়েলৰ নিৰ্দ্দয় মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয় আৰু দেশ পুনঃস্থাপন।

তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে? তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।

তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”

এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা: প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা: “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”

কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম। নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম। তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।

মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব। ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা। “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা1 ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!

আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম! এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা? কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”

এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম, তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!

এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম! আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব। কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!

আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব। আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব। আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।

আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব। মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।

তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে। আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”

Source notes (1)
  1. Footnote পহৰা দিম

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.