Skip to content
BibleKenya

আমো

Amos

Introduction from this edition

আমোচ

গ্রন্থ ৰচয়িতা

আমোচ পুস্তকৰ 1:1 পদে চিহ্নিত কৰে যে, আমোচ পুস্তকৰ লিখক ভাববাদী আমোচ। টেকোৱাত এদল মেৰৰখীয়াৰ মাজত ভাববাদী আমোচে বসবাস কৰিছিল। আমোচে স্পষ্টৰূপে তেওঁৰ লিখনিত কৈছে যে, তেওঁ কোনো ভাববাদীৰ পৰিয়ালৰ পৰা অহা নাই, আনকি তেওঁ নিজেও এজন বুলি বিবেচনা নকৰে। ঈশ্বৰে মহামাৰীৰ দ্বাৰা আৰু জুইৰ দ্বাৰা সোধবিচাৰৰ ভীতিপ্রদর্শন কৰে, কিন্তু আমোচৰ প্রার্থনা আছিল ইস্রায়েলৰ প্রতি ক্ষমাপৰায়ণ হোৱা।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 760-750 খ্রীষ্টপূর্বৰ ভিতৰত।

আমোচে ইস্রায়েলৰ উত্তৰাঞ্চলৰ সাম্রাজ্যত থকা বৈৎএল আৰু চমৰীয়াত প্রচাৰ কৰিছিল।

প্রাপক

আমোচ পুস্তকৰ মূল দর্শকসকল আছিল ইস্রায়েলৰ উত্তৰাঞ্চল আৰু ভবিষ্যত বাইবেলৰ পাঠকসকল।

উদ্দেশ্য

ঈশ্বৰে অহংকাৰ ঘৃণা কৰে। লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ যথেষ্ট আছে আৰু ঈশ্বৰৰ পৰা অহা সকলোবোৰ তেওঁলোকে পাহৰি যায়। হলেও ঈশ্বৰে সকলো লোককে মূল্য দিয়ে, দুখীয়াসকলৰ দুর্বল ব্যৱস্থাৰ বিৰুদ্ধে সতর্ক কৰে। অৱশেষত ঈশ্বৰে আন্তৰিকতাপূর্ণ আৰাধনাৰ সৈতে তেওঁক সন্মান দিয়া ব্যৱহাৰ দাবী কৰে। আমোচৰ যোগেদি ঈশ্বৰৰ বাক্যই ইস্রায়েলৰ লোকসকলৰ সুবিধাৰ বিৰুদ্ধে নির্দেশ কৰিছিল, এই লোকসকল যিসকলে তেওঁলোকৰ চুবুৰীয়াক প্রেম কৰিব পৰা নাছিল, যিসকলে কেৱল আনৰ পৰা সুবিধাহে গ্রহন কৰিছিল, আৰু যিসকলে মাত্র তেওঁলোকৰ উচিতটোহে বিচাৰি ফুৰিছিল।

মূল বিষয়

সোধবিচাৰ

প্রান্তৰেখা

1. জাতি সমূহৰ ওপৰত অহা ধ্বংস — 1:1-2:16

2. ভাববাণীপূর্ণ আহ্বান — 3:1-8

3. ইস্রায়েলৰ বিচাৰ — 3:9-9:10

4. পুনৰূদ্ধাৰ — 9:11-15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.