ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
আমো 7
ভৱিষ্যত দণ্ডৰ বিষয়ে আমোচৰ তিনিটা দৰ্শন।
প্ৰভু যিহোৱাই মোক এই দর্শন দেখুৱালে: “চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্রথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি। সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
প্ৰভু যিহোৱাই মোক এইদৰে দর্শন দিলে: যিহোৱা ঈশ্বৰে বিচাৰৰ অর্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্রক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে। তেতিয়া মই কলোঁ,
“হে প্ৰভু যিহোৱা, “মই অনুৰোধ কৰিছোঁ,
আপুনি ক্ষান্ত হওঁক,
যাকোব নো কেনেকৈ জীয়াই থাকিব?
তেওঁ যে অতি সৰু।”
তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
তেওঁ মোক পুনৰ এটা দর্শন দিলে: প্ৰভুৱে এডাল ওলোম-জৰী হাতত লৈ, ওলোমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল। যিহোৱাই মোক ক’লে, “হে আমোচ, তুমি কি দেখিছা?” তেতিয়া মই কলোঁ, “এডাল ওলোম জৰী দেখিছোঁ।” তেতিয়া প্ৰভুৱে ক’লে,
“চোৱা, মই মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত এডাল ওলোম-জৰী ৰাখিছো।”
তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম।
ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব
আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব;
মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।”
অমচিয়া পুৰোহিতে ৰজাক আপত্তি জনোৱা
তাৰ পাছত বৈৎএলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই। আমোচে এই কথা কৈছে:
‘যাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ’ব;
ইস্ৰায়েলে অৱশ্যেই নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব’।”
অমচিয়াই আমোচক ক’লে, “হে ভাৱবাদী, যোৱা! তুমি ইয়াৰ পৰা যিহূদা দেশলৈ গুচি যোৱা। তাতেই ভাৱবাদী হিচাবে জীৱিকা উলিওৱা আৰু তাতেই ভাৱবাণী প্ৰচাৰ কৰা। কিন্তু বৈৎএলত হলে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা; কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ1।” তেতিয়া আমোচে উত্তৰ দি অমচিয়াক ক’লে, “মই ভাববাদীও নহওঁ নাইবা ভাববাদীৰ শিষ্যও নহওঁ। মই এজন পশু-ৰখীয়া আৰু ডিমৰু গছবোৰৰ ফল সংগ্ৰহ2 কৰোঁতা আছিলোঁ। যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’।
তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’ সেইবাবে যিহোৱাই এই কথা কৈছে:
‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব,
তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব,
তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব;
তুমি নিজেও এক অশুচি3 দেশত মৰিবা,
ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”
Source notes (3)
- Footnote ৰাজপ্রসাদ
- Footnote আপদাল কৰোঁতা
- Footnote ঈশ্বৰক নজনা দেশত
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.