ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
আমো 2
মোৱাবৰ দণ্ড
যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব। মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।”
যিহূদাৰ দণ্ড
যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল। সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
ইস্ৰায়েলৰ দণ্ড।
যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে। তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে। তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে। ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ। সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ। হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে। “কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম। সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব; ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব। যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.