1 থিচলনীকীয়া
1 Thessalonians
Introduction from this edition
1 থিচলনীকীয়া
গ্রন্থ ৰচয়িতা
এই পত্রৰ লিখক বুলি পৌলে নিজকে দুবাৰ দুবাৰ উল্লেখ কৰিছে (1:1; 2:18)। চীল আৰু তীমথিয় (3:2,6), যেতিয়া পৌলৰ দ্বিতীয় মিছনাৰী যাত্রাৰ সময়ত যাত্রাৰ সমভাগী আছিল, তেতিয়া মণ্ডলী স্থাপিত হৈছিল (পাঁচনিৰ কর্ম 17:19), তেওঁ এই পত্র লিখিছিল, যেতিয়া তেওঁ কেইমাহ মানৰ কাৰণে বিশ্বাসীসকলৰ ওচৰলৈ গৈছিল। পৌলৰ পৰিচর্যাই থিচলনীকীত অৱশ্যে একমাত্র যিহূদীসকলকে স্পর্শ কৰা নাছিল বৰং অনা-যিহূদীসকলকো স্পর্শ ক অনেক অনা-যিহূদীলোক মূর্তিপূজা কৰাৰ পৰা বাহিৰ হৈ মণ্ডলীলৈ আহিছিল, এয়া সেই সময়ৰ যিহূদীসকলৰ মাজত কোনো বিশেষ সমস্যা নাছিল (1 থিচলনীকীয়া 1:9)।
লিখাৰ স্থান আৰু সময়
সম্ভতঃ সময় প্ৰায় 51 খ্রীষ্টাব্দ।
পৌলে কৰিন্থ চহৰৰ পৰা থিচলনীকীয়া মণ্ডলীলৈ এই প্রথম পত্র লিখিছিল।
প্রাপক
1 থিচলনীকীয়া 1:1 পদে সদস্যসকলক চিহ্নিত কৰে “থিচলনীকীয়া মণ্ডলীৰ” সদস্যসকলক যদিও প্রথম পত্ৰৰ কাৰণে উদ্দীষ্ট পাঠক হিচাপে চিহ্নিত কৰে, তথাপিও এই পত্ৰখনে সকলোতে থকা সকলো খ্রীষ্টিয়ানসকলৰ কথা কয়।
উদ্দেশ্য
এই পত্ৰ লিখাৰ খেত্রত পৌলৰ উদ্দেশ্য আছিল তাত থকা নতুন ৰূপান্তৰিত খ্রীষ্টিয়ান সকলৰ কষ্টত উৎসাহ দিয়া (3:3-5), ধার্মিকভাবে জীৱন-যাপন কৰা বিষয়ত নির্দেশনা দিয়া (4:1-12) যিসকলে খ্রীষ্টৰ আগমণৰ আগত মৃত্যুবৰণ কৰিলে, সেই বিশ্বাসীসকলৰ ভৱিষ্যত সম্পর্কে নিশ্চয়তা প্রদান কৰা (4:13-18), কিছুমান নৈতিক আৰু ব্যৱহাৰিক বিষয়ৰ সংশোধন।
মূল বিষয়
মণ্ডলীৰ বাবে উদ্বেগ।
প্রান্তৰেখা
1. ধন্যবাদ দিয়া — 1:1-10
2. পাঁচনিবাবৰ ক্রিয়া-কলাপৰ প্রতিৰক্ষা — 2:1-3:13
3. থিচলনীকীয়াবাসীলৈ উপদেশ — 4:1-5:22
4. সামৰণি প্রার্থনা আৰু আশীর্বাদ বাণী — 5:23-28
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.