Skip to content
BibleKenya

1 ৰাজা

1 Kings

Introduction from this edition

1 ৰাজাৱলী

গ্রন্থ ৰচয়িতা

1 ৰজাৱলীৰ ৰচক কোন সেই বিষয়ে জনা নাযায়, তথাপিও কিছুমান মন্তব্যকাৰীয়ে ইজ্রা, যিহিষ্কেল, আৰু যিৰিমিয়া এই পুস্তকৰ সম্ভাব্য লিখক বুলি পৰামর্শ দিয়ে। কাৰণ ইয়াত 400 বছৰতকৈও বেছি সময়ৰ ঘটনা আছে, আৰু ই ভিন্ন উৎসৰ পৰা ঘটনা সমূহৰ বিৱৰণ সংগ্রহ কৰি সংকলন কৰা হৈছে। ইয়াৰ নির্দিষ্ট সংকেত হিচাপে, এই পুস্তকৰ সাহিত্য শৈলী, মূল বিষয়ৰ পৰা বিভিন্ন দিশলৈ কৰা গতি আৰু ইয়াৰ প্রাকৃতিক উপাদানৰ ব্যৱহাৰৰ দিশটোৱে ইয়াক এজন সংকলক বা লিখকৰ সলনি একাধিক সংকলক বা লিখক বুলি সংকেত দিয়ে।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 590-538 খ্রীষ্টপূর্বৰ মাজভাগ।

এই পুস্তক লিখা হৈছিল যেতিয়া প্রথম মন্দিৰ থিয় কৰোঁৱা হৈছিল (1 ৰজাৱলী 8:8)

প্রাপক

ইস্রায়েলৰ লোকসকলৰ লগতে বাইবেলৰ পাঠকসকল।

উদ্দেশ্য

এই পুস্তক খন 1 আৰু 2 চমুয়েলৰ পৰিশিষ্ট, আৰু দায়ুদৰ মৃত্যুৰ পাছত চলোমনৰ প্রভুত্বৰ প্রতি উত্থানৰ আৰম্ভণিৰ ৰচনা। এই পুস্তকৰ কাহিনীটো এক সংযুক্ত ৰাজ্যৰে আৰম্ভণি হয়, কিন্তু পৰিসমাপ্তি এটা জাতিৰ দুখন ৰাজ্য হিচাপে বিভাজিত হোৱাৰ দ্বাৰ হয়, যাক জনা যায়, যিহূদা আৰু ইস্রায়েল বুলি। ইব্রী বাইবেলত 1 আৰু 2 ৰজাৱলী একত্রিতৰূপত এখন পুস্তক হিচাপে আছে।

মূল বিষয়

সংহতিনাশ।

প্রান্তৰেখা

1. চলোমনৰ ৰাজত্ব — 1:1-11:43

2. সার্বভৌমত্বৰ বিভাজন — 12:1-16:34

3. এলিচা আৰু আহাব — 17:1-22-53

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.