Skip to content
BibleKenya

1 বংশা

1 Chronicles

Introduction from this edition

1 বংশাৱলি

গ্রন্থ ৰচয়িতা

1 বংশাৱলী পুস্তকত নির্দিষ্টভাবে কোনো লিখকৰ নাম উল্লেখ নাই, কিন্তু ইহুদি ঐতিহ্যই লিখক হিচাপে ইজ্রাক কৃতিত্ব দিব বিচাৰে। ইস্রায়েলীসকলৰ পৰিয়ালৰ তালিকাৰ সৈতে 1 প্রথম বংশাৱলী পুস্তক খন আৰম্ভ হৈছে। তাৰ পাছত ধাৰাবাহিকভাবে ইস্রায়েল নামে পৰিচিত দায়ুদৰ সংযুক্ত ৰাজত্বৰ হিচাপ আছে, এইদৰে পুৰণি নিয়মৰ এটা স্তম্ভ স্বৰূপ অন্যতম অংশ ৰজা দায়ুদৰ কাহিনীৰ সৈতে এই পুস্তক সমাপ্তি হয়। ইয়াত ব্যাপক দৃষ্টিভঙ্গিৰে প্রাচীন ইস্রায়েলৰ ৰাজনৈতিক আৰু আধ্যাত্মিক ইতিহাস আছে।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য লিখাৰ সময় প্রায় 450-400 খ্রীষ্টপূর্বৰ মাজভাগত।

এয়া স্পষ্ট যে, ই বেবিলনত নির্বাসিত হৈ থকা ইস্রায়েলীসকলক উভতাই অনাৰ পাছত লিখা। 1 বংশাৱলী পুস্তকত 3:19-24 পদৰ পৰা দায়ুদৰ বংশাৱলীক প্রসাৰিত কৰি যিৰুব্বাবিলৰ ষষ্ঠ প্রজন্মলৈ তালিকা দিয়া আছে।

প্রাপক

প্রাচীন ইস্রায়েল জাতিৰ লোকসকল আৰু পাছত বাইবেলৰ সকলো পাঠক।

উদ্দেশ্য

এই 1 বংশাৱলী পুস্তক খনে নির্বাসনৰ পৰা যিসকল ইস্রায়েলী উভতি আহিছিল, তেওঁলোকে কেনেকৈ ঈশ্বৰক আৰাধনা কৰিব লাগে সেই বিষয়ে সহায় কৰিছিল। ইতিহাসে দক্ষিণ সাম্রাজ্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে, এওঁলোক হ’ল যিহূদা, বেঞ্জামিন আৰু লেবী ফৈদ। এই সকলো ফৈদৰ লোকে ঈশ্বৰৰ ওচৰত অধিক বিশ্বাসী হৈ পৰিছিল। ঈশ্বৰে দায়ূদৰ সৈতে কৰা তেওঁৰ বিধানক সন্মান দি স্থাপিত কৰা দায়ুদৰ গৃহ বা ৰাজত্ব চিৰস্থায়ী কৰিছিল। দায়ুদ আৰু চলোমনৰ যোগেদি ঈশ্বৰে স্থাপন কৰিছিল তেওঁৰ মন্দিৰ, যাতে তালৈ লোকসকলে আৰাধনাৰ বাবে আহিব পাৰে, কিন্তু জাগতিক ৰজাসকলে ইয়াক কেতিয়াও নকৰিলে হয়। বেবিলনীয়সকলৰ আক্রমণৰ দ্বাৰা চলোমনৰ মন্দিৰ ধ্বংস কৰা।

মূল বিষয়

ইস্রায়েলৰ আধ্যাত্মিক ইতিহাস।

প্রান্তৰেখা

1. বংশাৱলী — 1:1-9:44

2. চৌলৰ মৃত্যু — 10:1-14

3. দায়ুদৰ অভিষেক আৰু ৰাজত্ব — 11:1-29:30

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.