ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
1 বংশা 26
দুৱৰী আৰু কোষাধ্যক্ষ সকলৰ বিষয়।
দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল:
কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল।
মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল, পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়।
ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল, ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল। তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল।
চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল। এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল। মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল,, সৰ্বমুঠ ওঠৰ জন আছিল।
মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল, দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল।
দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে। তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে। যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।
দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে। পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।
পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন। পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন। এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল। লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল। যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল।
অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল। গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল। তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল।
ৰহবিয়াৰ পুত্র যিচয়া,
যিচয়াৰ পুত্র যোৰাম,
যোৰামৰ পুত্র জিখ্ৰী,
জিখ্ৰীৰ পুত্র চলোমোৎ।
দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল। যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল। চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল।
যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে। হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।
হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে। যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.