ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
1 বংশা 17
দায়ূদৰ আগত ঈশ্বৰৰ প্ৰতিজ্ঞা, আৰু ঈশ্বৰৰ আগত তেওঁৰ প্ৰাৰ্থনা।
দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক’লে, “চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।” তেতিয়া নাথনে দায়ূদক ক’লে, “যাওক, আপোনাৰ মনৰ ভিতৰত যি আছে, তাকে কৰক, কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে।”
কিন্তু সেই ৰাতিয়েই নাথনলৈ ঈশ্বৰৰ বাক্য আহিল আৰু ক’লে, “তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা। কাৰণ মই ইস্ৰায়েলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো ঘৰত বাস কৰা নাই। বৰঞ্চ এটা তম্বুত, এটা আবাসত আৰু বিভিন্ন ঠাইত বাস কৰি আছোঁ। ইস্ৰায়েলৰ মাজত মই ঠাই সমূহ সলাই থাকোঁতে ইস্ৰায়েলৰ প্ৰজাসকলক প্ৰতিপালন কৰিবলৈ যি সকলক মই নিযুক্ত কৰিছিলোঁ, তেওঁলোকৰ কোনো এজন জানো কৈছিলোঁ, “তোমালোকে কিয় মোৰ বাবে এৰচ কাঠৰ ঘৰ নিৰ্ম্মাণ কৰা নাই?””
“সেয়ে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত প্রশাসক হ’বলৈ, মই তোমাক চৰণীয়া ঠাইৰ পৰা, আৰু মেৰৰ জাকৰ পাছে পাছে যোৱাৰ পৰা বাচি ললোঁ। আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল, যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ’ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ’ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম। মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
মই তেওঁৰ পিতৃ হ’ম, আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তোমাৰ পূৰ্বে শাসন কৰা, চৌলৰ পৰা যেনেকৈ মই আঁতৰাইছিলোঁ, তেনেকৈ মই তেওঁৰ পৰা মোৰ বিশ্ৱাসযোগ্য নিয়ম আঁতৰ নকৰোঁ। মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।” এই সকলো বাক্য, আৰু এই সকলো দৰ্শন অনুসাৰে নাথনে দায়ূদক বিৱৰণ দি ক’লে।
তেতিয়া ৰজা দায়ূদে ভিতৰলৈ গৈ যিহোৱাৰ সন্মুখত বহিলে; আৰু তেওঁ ক’লে, “মই নো কোন, ঈশ্বৰ যিহোৱা, আৰু মোৰ পৰিয়ালেই বা কি যে, আপুনি মোক আগ স্থান দিছে? আৰু হে ঈশ্বৰ, আপোনাৰ দৃষ্টিত ইও এটা ক্ষুদ্র বিষয় আছিল, আপুনি আপোনাৰ দাসৰ পৰিয়ালৰ বিষয়েও সুদীৰ্ঘদিনৰ কথা কলে, আৰু হে ঈশ্বৰ, মোৰ ভৱিষ্যত পুৰুষসকলকো মোক দেখালে। আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ুদ, আপোনাক পুনৰ কি ক’ম?
হে যিহোৱা, আপোনাৰ দাসৰ বাবে আৰু নিজৰ অভিপ্রায় সিদ্ধ কৰিবলৈ, আপুনি এই মহৎ কৰ্ম সাধন কৰিলে আৰু সকলো মহৎ কৰ্ম প্রকাশ কৰিলে। হে যিহোৱা, আমি সদায় শুনা অনুসাৰে, আপোনাৰ তুল্য কোনো নাই, আৰু আপোনাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। আৰু পৃথিৱীৰ মাজত আপোনাৰ ইস্রায়েল লোকসকলৰ দৰে এনে কোন জাতি আছে? আপুনি ঈশ্বৰ যাক নিজৰ লোক কৰিবলৈ মিচৰৰ পৰা মুক্ত কৰিলে, যাতে মহৎ আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই আপোনাৰ নাম কৰিব। আৰু মিচৰৰ পৰা মুক্ত কৰা আপোনাৰ লোকসকলৰ আগৰ পৰা জাতি সমূহক খেদিলে।
তোমাৰ ইস্ৰায়েল লোকসকলক তুমি নিজৰ চিৰস্থায়ী লোক কৰিলা, আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো। সেয়ে এতিয়া হে যিহোৱা, আপুনি আপোনাৰ দাস আৰু তাৰ পৰিয়ালৰ বিষয়ে যি প্রতিজ্ঞা কৰিলে, তাক সদাকাললৈকে স্থিৰ কৰা হওক। যেনেকৈ আপুনি ক’লে, তেনেকৈয়ে কৰক। আপোনাৰ নাম চিৰকালৰ বাবে স্থাপিত আৰু মহিমান্বিত হ’বৰ বাবে লোকসকলে এইদৰে ক’ব, বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ঈশ্বৰ, আপোনাৰ দাস দায়ূদৰ বংশ আপোনাৰ সাক্ষাতে থিৰে থাকিব।
কাৰণ হে মোৰ ঈশ্বৰ, মই তোমাৰ বাবে এক বংশ স্থাপন কৰিম বুলি আপুনিয়েই আপোনাৰ দাসৰ আগত প্ৰকাশ কৰিলে। সেই বাবেই মই আপোনাৰ দাস আপোনাৰ আগত প্ৰাৰ্থনা সাহ পালোঁ। এতিয়া হে যিহোৱা, আপুনি ঈশ্বৰ, আৰু আপুনিয়েই আপোনাৰ দাসলৈ এই মঙ্গল-প্ৰতিজ্ঞা কৰিলে। এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.