ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
প্ৰকাশিত বাক্য 15
সাতোটা শেষ উৎপাতকাৰী নতুন দৰ্শন
তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত1 আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে,
“আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত,
সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷
হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু
আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব?
কিয়নো কেৱল আপুনি পবিত্ৰ;
সকলো জাতিয়ে আপোনাৰ আগত আহি
আপোনাক আৰাধনা কৰিব৷
কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ’ল; সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।
পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল;2 আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।
Source notes (2)
- Footnote যা 15 আধ্যা৷
- Footnote যা 40:34৷
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.