ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 92
এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।
যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;
হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা
আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,
গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;
মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ!
তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
নির্বোধ লোকে নাজানে,
বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,
অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে,
তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ,
তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;
তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক1 তুলি ধৰিলা;
তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল2 ঢালি দিলা।
মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ;
মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব;
লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;
তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;
তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;
তেৱেঁই মোৰ শিলা,
তেওঁত কোনো অধার্মিকতা নাই।
Source notes (2)
- Footnote শিং
- Footnote আশীর্বাদেৰে আনন্দিত কৰিলা
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.