ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 57
প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত।
হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা;
কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে;
এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম,
মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।
মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]।
ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।
মোৰ জীৱন শত্রুবোৰৰ মাজত আছে1,
সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ,
আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ,
এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;
গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে;
মোৰ প্ৰাণ নত হৈছে।
সিহঁতে মোৰ সন্মুখত গাত খানিলে;
সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]।
হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল,
মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।
হে মোৰ হৃদয়, সাৰ পোৱা;
হে নেবল আৰু বীণা, সাৰ পোৱা;
মই প্ৰভাতক জগাম।
হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম;
লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে,
আৰু তোমাৰ সত্যতা আকাশলৈকে।
হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;
গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
Source notes (1)
- Footnote মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে;
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.