Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 56

প্ৰধান বাদ্যকৰৰ নিমিত্তে যোনৎএলম ৰহোকীম সুৰত গাবলগীয়া মিকতাম নামে দায়ূদৰ ৰচিত গীত। পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত।

হে ঈশ্বৰ, মোক কৃপা কৰা;

কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।

মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।

যেতিয়াই মোৰ ভয় লাগে;

তেতিয়াই মই তোমাত ভাৰসা কৰিম।

মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মাংসই মোক কি কৰিব পাৰে?

সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে;

সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।

সিহঁতে গোট খাই লুকাই থাকে;

সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।

অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে?

হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।

তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা;

তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা;

সেইবোৰ তোমাৰ বহিত নাই নে?

সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব;

ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ1।

মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।

মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মানুহে মোক কি কৰিব পাৰে?

হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে;

তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।

কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা;

জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ,

তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

Source notes (1)
  1. Footnote মই ইটো জানো যে, ঈশ্বৰ মোৰ ফলীয়া।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.