Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 37

দায়ুদৰ ৰচিত গীত

তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা;

কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।

কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব,

সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।

যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;

দেশত বাস কৰা আৰু নিৰাপদে থাকা।

যিহোৱাত আনন্দ কৰা;

তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;

তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।

তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;

তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।

যিহোৱাৰ আগত শান্ত হোৱা;

ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা।

যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;

ক্ৰোধ এৰা, কোপ ত্যাগ কৰা;

বেজাৰ নকৰিবা, কেৱল হানিহে হয়।

কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।

কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।

কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।

দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে;

তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।

প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে;

কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।

দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ,

দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।

কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব,

আৰু তেওঁলোকৰ ধনু ভঙা হব।

দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো,

ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।

কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব।

কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।

সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,

আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।

সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,

আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।

দুষ্টবোৰ বিনষ্ট হব,

যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব;

তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।

দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে;

কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।

যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব,

কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।

যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে;

তেওঁ তেওঁৰ পথত সন্তোষ পায়।

তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব;

কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।

মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো;

কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা,

নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।

ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে;

তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।

তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা;

তুমি চিৰকাল জীয়াই থাকিবা।

কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,

তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;

অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;

কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।

ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব;

তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।

ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,

তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।

তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;

তেওঁলোকৰ ভৰি পিছলি নাযায়।

দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে,

তেওঁলোকক বধ কৰিবলৈ বিচাৰে।

কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব,

বিচাৰত তেওঁলোকক দোষী নকৰিব।

যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা;

তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।

দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।

মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ,

সেউজ1 গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।

কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো2, তেওঁলোক নোহোৱা হ’ল;

মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।

সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা;

কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।

কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব;

দুষ্টলোকৰ বংশ ধ্বংস হ’ব।

ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে;

সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।

যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে;

দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে,

কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।

Source notes (2)
  1. Footnote লেবানোনৰ এৰচ গছ
  2. Footnote যেতিয়া তেওঁ পুনৰ ওচৰেদি পাৰ হৈ গ’ল,

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.