Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 2

কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে?

কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?

যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে,

শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;

তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ,

আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”

যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে;

যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব,

তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।

যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন1 পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”

ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম;

যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।

তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম,

পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।

লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা;

কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”

গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা;

হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।

ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন2 কৰা।

তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা3 খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব,

তোমালোক নিজৰ পথতে বিনষ্ট হবা;

কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে।

ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।

Source notes (3)
  1. Footnote ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল।
  2. Footnote কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে।
  3. Footnote কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.